জ্ঞানৰ প্ৰদীপ লৈ আগুৱাই যাওঁ
আলোকেৰে সজাও জগত
সাধিম খ্যাতি এই অঙ্গীকাৰ
খ্যাতি এই অঙ্গীকাৰ
বিদ্যা ধন মহাধন এই অমৰ বাণী
জীৱনৰ আদৰ্শ আমাৰ
গঢ়ো আমি নিতে নতুন আশাৰ সোপান
প্ৰাচ্য ভাৰতী আমাৰ।
বিদ্যা সৰ্ব শক্তিৰ আধাৰ, ভাঙি যাওঁ অজ্ঞান কপাট
এই মন্ত্ৰ কৰি সাৰোগত, আগুৱাও লক্ষ্যৰ পথত।
প্ৰযুক্তি বিদ্যাক কৰি বিশ্বমান
গৰিমাৰে হ’ম জ্যোতিস্মান
নতুন পুৰুষ আমি প্ৰগতি পথৰ
প্ৰাচ্য ভাৰতী আমাৰ।